প্লাষ্টিক প্ৰেম
প্ৰেম হল এটা প্লাষ্টিক যি যোগ যোগ ধৰি নগলে আৰু নষ্ট নহয় , যাৰ মৰণ-পৰণ একোৱেই নাই । প্ৰায় একে ; প্ৰেমে কিছুমানৰ জীৱন সজাই পৰাই ধুনীয়া কৰি দিয়ে আৰু কিছুমানৰ ধংস , ঠিক যেনেকৈ প্লাষ্টিকে কিছুমান বস্তু দেখাত ধুনীয়া কৰে আৰু লগতে পৰিৱেশ বিনষ্ট কৰে । প্লাষ্টিকটো দূৰৰ পৰা দেখাত কি চকুত লগা , কিন্তু তাৰ গুণগত মান একেবাৰে নিম্ন ; এতিয়া প্ৰেম তাৰ ব্যতিক্ৰম নহয়, চবে কয় প্ৰেম এটি স্বৰ্গীয় অনুভব , কিন্তু তাৰ ভিতৰৰ ঘাট প্ৰতিঘাত বিলাকতো কোনেও কাণসাৰেই নিদিয়ে । আজিৰ আধুনিক যোগ - প্লাষ্টিকৰ যোগ । সকলোফালে কেৱল প্লাষ্টিক অকল প্লাষ্টিক ; সেই সৰু আলপিনটোৰ পৰা ধৰি প্ৰকাণ্ড প্ৰকাণ্ড অট্টালিকালৈ , তাৰ মাজত আৰু কত যে কি আছে । এপাক চাৰিওকাষে মূৰ ঘূৰাই চালে কিমান যে হিচাপ কৰিব নোৱাৰা প্লাষ্টিক ওলাব । এতিয়া এই প্ৰবন্ধটো পঢ়ি থকা যন্ত্ৰ পাতটো তাৰ এটা ভাল উদাহৰণ, আমাৰ দৈনন্দিনৰ জীৱন বাটৰ লগৰী । মাদক দ্ৰব্য কৈও বেছি আসক্ত । পিছে আমি মানব জাতি হিচাপে ভুল কৰা নাই নে ? আমাৰ মাজৰ কিছুমান মূল্যক আমি বস্তুবাদী কৰি দিয়া নাই নে ? আমি আজি কালি সেই মূল্য বিলাকক জোখো প্লাষ্টিকৰ সহায়ত । প্ৰেম নামৰ যি...