Posts

Showing posts from December, 2020

প্ৰতিবাদ

Image
 প্ৰতিবাদ মুখৰ আজি মোৰ এই কলম, নীলা চিয়াঁহীৰ মাদকতাত জাগৰণ আনিব খুজিছোঁ, কিছু ন-পুৰনি স্মৃতি আৰু কিছু আৱেগ।। সেই ডিচেম্বৰৰ মাজৰাতিৰ হাড় কপনি ঠাণ্ডাত, আমাৰ কোনো চখ নাছিল, নাছিল কোনো সেই প্ৰতিবাদ মুখৰ মানসিকতা লৈ যোৱাৰ, প্ৰথম বাৰৰ বাবে জপিয়াই পৰিবলৈ এটি আন্দোলনত, যি মানসিক ভাৱে নহয় কেৱল, শাৰীৰিকভাৱেও; নিদ্ৰা দেৱীৰ কোলাত এক ৰাতি নবহী, বহিলোহী আহি সেই বৰ জূইৰ আশে-পাশে থকা সৰু সৰু ফিৰিঙতিৰ বিলাকৰ লগত, কোন জ্যেষ্ঠ, কোন কনিষ্ঠ, সকলোৰে কেৱল এটাই মত -  "আমি কালি বিপ্লৱৰ পথট সকলো একেলগে আগবাঢ়িম"।। হিল-দ'ল ভাঙি পুৱাৰ খালী পেট লৈ, কুঁৱলীৰ বগা ডাৱৰক নেওচি সকলো একগোট হৈছে, যাত্ৰা কৰিবলৈ, এজন শাৰীৰিক বিপ্লৱী হ'বলৈ; কোন, কৰ পৰা, কেনেকৈ, ঠিকনা নাই, কেৱল যোগ হৈ গৈ আছে, বিপ্লৱী মানৱ শৃংখলাৰ লগত; ৰাজ্য দুখন, প্ৰতিবাদৰ ভাষাও দুটা, কিন্তু আৱেগ এটাই -  আমাৰ ওপৰত জাপি দিয়া ক'লা আইন আমি নামানো, "আমি 'কা' নামানো, নামানো আৰু নামানো"।। ৰূদ্ৰ আৰু উগ্ৰ দেশৰ ভৱিষ্যতক দেখি, সকলো অবাক, নিৰ্ব্বাক আৰু স্তম্ভিত, কোনো খ‌ংৰ জ্বলাৰ বিস্ফোৰণ নহয় এইয়া, নিজৰ সংবিধান খনক ৰক্ষণাবেক...