প্ৰতিবাদ


 প্ৰতিবাদ মুখৰ আজি মোৰ এই কলম,
নীলা চিয়াঁহীৰ মাদকতাত জাগৰণ আনিব খুজিছোঁ,
কিছু ন-পুৰনি স্মৃতি আৰু কিছু আৱেগ।।
সেই ডিচেম্বৰৰ মাজৰাতিৰ হাড় কপনি ঠাণ্ডাত, আমাৰ কোনো চখ নাছিল,
নাছিল কোনো সেই প্ৰতিবাদ মুখৰ মানসিকতা লৈ যোৱাৰ,
প্ৰথম বাৰৰ বাবে জপিয়াই পৰিবলৈ এটি আন্দোলনত,
যি মানসিক ভাৱে নহয় কেৱল, শাৰীৰিকভাৱেও;
নিদ্ৰা দেৱীৰ কোলাত এক ৰাতি নবহী,
বহিলোহী আহি সেই বৰ জূইৰ আশে-পাশে থকা সৰু সৰু ফিৰিঙতিৰ বিলাকৰ লগত,
কোন জ্যেষ্ঠ, কোন কনিষ্ঠ,
সকলোৰে কেৱল এটাই মত - 
"আমি কালি বিপ্লৱৰ পথট সকলো একেলগে আগবাঢ়িম"।।
হিল-দ'ল ভাঙি পুৱাৰ খালী পেট লৈ,
কুঁৱলীৰ বগা ডাৱৰক নেওচি সকলো একগোট হৈছে,
যাত্ৰা কৰিবলৈ, এজন শাৰীৰিক বিপ্লৱী হ'বলৈ;
কোন, কৰ পৰা, কেনেকৈ, ঠিকনা নাই,
কেৱল যোগ হৈ গৈ আছে,
বিপ্লৱী মানৱ শৃংখলাৰ লগত;
ৰাজ্য দুখন, প্ৰতিবাদৰ ভাষাও দুটা,
কিন্তু আৱেগ এটাই - 
আমাৰ ওপৰত জাপি দিয়া ক'লা আইন আমি নামানো,
"আমি 'কা' নামানো, নামানো আৰু নামানো"।।
ৰূদ্ৰ আৰু উগ্ৰ দেশৰ ভৱিষ্যতক দেখি,
সকলো অবাক, নিৰ্ব্বাক আৰু স্তম্ভিত,
কোনো খ‌ংৰ জ্বলাৰ বিস্ফোৰণ নহয় এইয়া,
নিজৰ সংবিধান খনক ৰক্ষণাবেক্ষণ দিবলৈ ওলাই অহা এটি যুৱ প্ৰজন্মৰ দলৰ এটি সৰু প্ৰায়স;
সমুখত থিয় দিছেহি চৰকাৰৰ দ্বাৰা গঠিত জনগনক ৰক্ষণাবেক্ষণ দিয়া এটি দ'ল,
যি নিজেই সংবিধানৰ অধীনত থাকিও,
আজি ৰোগগ্ৰস্ত।।
আৰম্ভ হ'ল এটি খেলা, এটি পুৰণি খেল,
খেলটো কিন্তু বৰ জটিল - 
কোন সবল আৰু কোন দুৰ্বল;
দুৰ্বলৰ হাতত নাছিল কোনো অস্ত্ৰ-সস্ত্ৰ,
আছিল মাথোঁ কিছু শব্দ উচ্চস্বৰে দোহাৰিব পৰা ক্ষমতা আৰু মনোবল;
সবলৰ হাতত সকলো আছিল,
আছিল ৰজাঘৰীয়াৰ আদেশো;
ৰজাঘৰীয়াও স্থিৰ,
আমি কোনো প্যধে নামানো;
এই ক্ষমতাৰ টনা-আঁজোৰা খেলৰ কোনো পৰিসমাপ্তি নাই।।
ৰোমন্থন কৰো সেই অনুভৱ বিলাক,
বিশ্ববিদ্যালয়ৰ পৰা খানাপাৰালৈ কৰা চাৰি কিলোমিটাৰ যাত্ৰা,
ছাত্ৰৰ ৰূদ্ৰ ৰূপ দেখি,
কি ঠিক ভোক, পিয়াহ, ভাগৰ,
সকলোৱে মৌনতাৰে প্ৰতিবাদ কৰিছিল;
এশ কিলোমিটাৰ দূৰত খবৰ শুনিছোঁ বিস্ফোৰণৰ,
আইৰ লগত ভাবিছিলো এইয়াই হ'ব শেষ টেলিফোন;
পঁচিছ জন যোদ্ধাই থিৰ কৰিলো, আমি থাকিম,
লাহে লাহে সৈন্যসকল ঘৰমুৱা হ'ল;
ৰজাঘৰীয়াই দিয়া প্ৰাণে ভাবুকিত,
সকলোৱে প্ৰথমে নিজৰ প্ৰাণক দেখিলে,
মাতৃক এৰি দিলে ৰজাঘৰীয়াৰ কিছু বঙালৰ হাতত,
যি কেইজন থাকিল, প্ৰজাৰ লগত,
ৰজাঘৰীয়াই নিৰ্মুল অত্যাচাৰ চলাই গ'ল আৰু চলাই আছে,
তাৰে মাজৰৰ এজনক,
জগতৰ নানা দোষ জাপি,
নৰহত্যাৰ শেষ পৰ্যায়লৈ লৈ যাব খুজিছে;
কিন্তু ৰাজঘৰীয়াৰ বৰ ভয়,
কাৰণ তেওঁ হ'ল মধ্যবিত্ত আৰু নিম্নবিত্তৰ এজন বিপ্লৱী, 
উচ্চবিত্তৰ নহয়,
এটি সৰু ফিৰিঙতিয়ে ৰজাঘৰীয়াৰ ৰাজকাৰেংৰ চিনছাপ নোহোৱা কৰিব পাৰে।।
এই প্ৰতিবদাৰ কোনো পৰিসমাপ্তি নাই আৰু চাগে নাহিব‌ই,
কিন্তু এই কবিতা, ম‌ই ইয়াতে সমাপ্ত কৰিব লাগিব,
যোৱাৰ আগতে আৰু এইবাৰ কৈ যাওঁ - 
"আমি 'কা' নামানো, নামানো আৰু নামানো";
জয় আই অসম।।

Comments

Popular posts from this blog

MY PENIS

Covid Times

"UNIDENTIFIED DECEDENT"