প্লাষ্টিক প্ৰেম
প্ৰেম হল এটা প্লাষ্টিক যি যোগ যোগ ধৰি নগলে আৰু নষ্ট নহয় , যাৰ মৰণ-পৰণ একোৱেই নাই । প্ৰায় একে ; প্ৰেমে কিছুমানৰ জীৱন সজাই পৰাই ধুনীয়া কৰি দিয়ে আৰু কিছুমানৰ ধংস , ঠিক যেনেকৈ প্লাষ্টিকে কিছুমান বস্তু দেখাত ধুনীয়া কৰে আৰু লগতে পৰিৱেশ বিনষ্ট কৰে । প্লাষ্টিকটো দূৰৰ পৰা দেখাত কি চকুত লগা , কিন্তু তাৰ গুণগত মান একেবাৰে নিম্ন ; এতিয়া প্ৰেম তাৰ ব্যতিক্ৰম নহয়, চবে কয় প্ৰেম এটি স্বৰ্গীয় অনুভব , কিন্তু তাৰ ভিতৰৰ ঘাট প্ৰতিঘাত বিলাকতো কোনেও কাণসাৰেই নিদিয়ে ।
আজিৰ আধুনিক যোগ - প্লাষ্টিকৰ যোগ । সকলোফালে কেৱল প্লাষ্টিক অকল প্লাষ্টিক ; সেই সৰু আলপিনটোৰ পৰা ধৰি প্ৰকাণ্ড প্ৰকাণ্ড অট্টালিকালৈ , তাৰ মাজত আৰু কত যে কি আছে । এপাক চাৰিওকাষে মূৰ ঘূৰাই চালে কিমান যে হিচাপ কৰিব নোৱাৰা প্লাষ্টিক ওলাব । এতিয়া এই প্ৰবন্ধটো পঢ়ি থকা যন্ত্ৰ পাতটো তাৰ এটা ভাল উদাহৰণ, আমাৰ দৈনন্দিনৰ জীৱন বাটৰ লগৰী । মাদক দ্ৰব্য কৈও বেছি আসক্ত । পিছে আমি মানব জাতি হিচাপে ভুল কৰা নাই নে ? আমাৰ মাজৰ কিছুমান মূল্যক আমি বস্তুবাদী কৰি দিয়া নাই নে ? আমি আজি কালি সেই মূল্য বিলাকক জোখো প্লাষ্টিকৰ সহায়ত । প্ৰেম নামৰ যি অমূল্য শব্দ, যি ব্ৰহ্মাণ্ডীয় মূল্য, তাক আমি সেই সামান্য কিনিব পৰা প্লাষ্টিকৰ লগত তুলনা কৰো । সেই বিশ টকীয়া গোলাপ ফুলটোকা আমি প্ৰেমৰ প্ৰতিক হিচাপে মানি লৈছো । হৃদয়ৰ সেই আকৃতি যাক আমি নাম দিছো হৃদয় বুলি, সচাকৈয়ে যানো হৃদয়খন দেখাত এনেকুৱা আৰু তাকে আমাৰ নিজৰ হৃদয় বুলি নাম সন্নিবিষ্ট কৰি সকলোকে বিলাই ফুৰিছো । প্ৰেমৰ গোন্ধ বুলি কলে আমি চবে সেই কবিতা বোৰত থকা অথবা গানৰ কথাবোৰত থকা নাইবা চিনেমাবোৰ সংলাপ যত ৰজনীগন্ধা, গোলাপ ফুল আৰু কত ফুলৰ নাম দিছো । অথচ আমি বাস্তৱত সেই তত্ত্ব টোক ব্যৱহাৰ কৰিব নোৱাৰো কাৰণ সেই বিলাক কাল্পনিক, আমি বিচাৰি পাওঁ বাস্তৱৰ প্ৰেমৰ সুগন্ধি কেৱল সেই নামি দামী চঔৰুমত থকা পাৰফিউমট ।
সলনি হৈছে মুখামুখী থকা সম্বন্ধ বিলাক । আজিকালি আমাৰ হাতত এতিয়া অতি অদভুত ধৰনৰ যন্ত্ৰ আহি পৰিছে যি মানব জাতিৰ মাজত এটি আসক্ত দ্ৰব্য বিয়পাই দিছে । সময় নাই কাৰো হাতত, সকলোকে যিমান সোনকালে পাৰি ফল লাগে, লাগিলে ৰাসায়নিক দ্ৰব্য দি এদিনতে ফল উলাই দিব । কিন্তু তাৰ পৰিণতি কি হব ? নিজৰ স্বাস্থ্যৰ হানি । কিছুমান এনে বস্তু আছে যি সময়ত পকিলে হে, তাৰ সোৱাদ পোৱা যায়। প্ৰেম বোলা ফলটো একে ; সোনকালে পকা মানে, কি থিক অকল বাহিৰ খনেই পকিল , ভিতৰখন কেঁচা হব পাৰে ; আৰু যদি সময় লৈ, তেতিয়া হলে বাহিৰে ভিতৰে সকলো পিনে এশ গুণ সম্পূৰ্ণ পকা আৰু মিঠা, দুই এটা লাগিব পাৰে টেঙা আৰু তিতা, কিন্তু চলি যাব । কি কৰিবা আজিৰ একবিংশ শতিকা , যত এক ছেকেণ্ড পিছুৱাই যোৱা মানেই, কত দূৰ পিছুৱাই যোৱা যেন লাগে । প্ৰেমৰ লগতো আমি দৌৰা দৌৰিৰ খেল ধেমালি আৰম্ভ কৰি দিছো । কোনোবাই নিজৰ প্ৰফাইলত দিয়া সামান্য বিতং জ্ঞান আহৰণ কৰিই , আমি আৰম্ভ কৰো অবাস্তৱিক আকাশত চাং পতা কিছু সপোন, লাগিলে সাত সাগৰ তেৰ নদীৰ পাৰৰে নহওক কিয় , যি পিছত যেতিয়া বাস্তৱৰ সত্যতা পোহৰলৈ আহে, তেতিয়া আমি অগন্ন বেদনা একগোট কৰি অযথা বিষাদৰ মগ্নত বিভোৰ হৈ যাও। সেই বেদনাৰ সংগী হিচাপে আমি কিছু মাদক দ্ৰব্যৰ লগত বন্ধুত্ব কৰি লৌ । হোৱা জনেহে কব পাৰিব ইয়াৰ আবেগ, অনুভূতি বিলা । কি আবেগ, কি অনুভূতি ; আমি সেই বিলাকো চোন ডিজিটেল ফাটেকত তলা লগাই, তাক নতুন ৰূপ দিছো, যাৰ নাম হল সকলোৰে প্ৰিয় - ইমৌজি । দিয়া জন কোনটো আবেগত বিভোৰ হৈ আছে গম নাপাও, কিন্তু ডিজিটেল সহায়ত যি আবেগ আমাক দিছে, সেইটোকে ধৰি লৈছো আৰু তাৰ সলনি প্ৰশ্ন সোধাৰ ধৰ্য্য আৰু নাই । বিভিন্ন এপৰ সহায়ত উঠা আলোকচিত্ৰ বিলাক ব্যৱহাৰ কৰিই কোনো কোনো হৈ পৰিছে অগন্ন অনুৰাগীৰ প্ৰেমৰ প্ৰতিক , কিন্তু আমি নাজানো তেওঁ লোকৰ জীৱনত প্ৰেম বোলা শব্দটোৱেই স্থান পায় নে নাপাই আৰু যদি আছে, তেতিয়া হলে কোনটো ৰূপত আছে, নাইবা লুকা-ভাকুৰ ৰূপত ।
আজিৰ খন্তেকীয়া জীৱন; খন্তেকীয়া সম্বন্ধ, সন্তেকীয়া সময় , সন্তেকীয়া মন, সন্তেকীয়া সমাজ ব্যৱস্থা আৰু সন্তেকীয়া এই পৃথিৱী। তাৰ মাজতে আকৌ সন্তেকীয়া হৈ পৰিছে মানবীয়তা কিছু মূল্য , যাৰ অবিহনে সমাজ সুচাৰু ৰূপে আগুৱাই যাবলৈ কঠিন আৰু প্ৰায় নোৱাৰে নিচিনা। তাৰ ভিতৰত প্ৰেম অন্যতম অমূল্য সম্পদ, যাৰ অবিহনে মানব জাতিৰ অস্তিত্বৰ কোনো নাম গোন্ধই নোহোৱা হব। মানব জাতিৰ প্ৰগতিৰ লগে লগে, এই প্ৰেমো প্ৰগতি কৰিছে ; কিন্তু যিতো ধংসৰ পথ আকোঁৱালি লৈছে মানব সমাজে নিজৰ উন্নয়নৰ কাৰণে, তাৰ প্ৰতি ফল দেখা গৈছে মূল্য বিলাকতো, যিটোৰ ভিতৰত পৰে প্ৰেম। প্ৰেমে ইতিপূৰ্বে ৰূপ লৈছে বাস্তৱবাদীৰ। আৰু বেছি দিন নাই যেতিয়া প্ৰত্নতাত্ত্বিক স্থানত আমি বিচাৰি পাম প্ৰেমৰ অৱশিষ্ট বিলাক ।
এপাক চিন্তা কৰি চাব!

Comments
Post a Comment